SCIENTIFIC TEMPERAMENT

A scientifically nurtured mind  is the key to a nation’s developed future

A scientifically nurtured mind  is the key to a nation’s developed future

কালমেঘ

গোত্ৰ (Family) : Acanthaceae,

বৈজ্ঞানিক নাম : Andrographis paniculata (Burm.f.) Nees

অসমীয়া নাম : কালমেঘ

বিৱৰণ:
কালমেঘ মূলতঃ দক্ষিণ ভাৰত তথা শ্ৰীলংকা মূলীয় উদ্ভিদ আৰু ইয়াৰ পৰাই ই বিভিন্ন অঞ্চলত বিস্তৃতি লাভ কৰে। একবৰ্ষীয় তৃণজাতীয় এই উদ্ভিদজোপাত সৰু সৰু বগা ফুল ফুলে য’ত কজলা ৰঙৰ দাগ থাকে। ইয়াৰ পাতৰ সোৱাদ অতিকৈ তিতা হোৱাৰ বাবে ইয়াক “তিতাৰ ৰজা” (King of bitterness) বুলিও জনা যায়।

ব্যৱহাৰ:
বনৌষধি হিচাপে কালমেঘৰ ব্যৱহাৰ অনেক। আয়ুৰ্বেদতো কালমেঘৰ ব্যৱহাৰ দেখা যায়। মূলতঃ সংক্ৰমণ নিৰাময় কৰিবলৈ ইয়াৰ পাত তথা গা-গছৰ ৰস ব্যৱহাৰ কৰা হয়। কেঞ্চাৰ প্ৰতিৰোধক হিচাপে ইয়াক ব্যৱহাৰ কৰাৰ তথ্য পোৱা যায় যদিও ই কেঞ্চাৰ প্ৰতিৰোধক হয় নে নহয়, ই নিশ্চিত নহয়। জণ্ডিছ তথা শ্বাস-প্ৰশ্বাসৰ ৰোগতো ইয়াক ব্যৱহাৰ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *