আমাৰ চাৰিওদিশে দৈনন্দিন হিচাপত কিমান যে গছ গছনি. তৰু লতা,ঘাবি বন দেখো, তাৰ কোনো সীমা সংখ্যা নাই। অথচ, আমি তাৰে কেইজোপাৰ নো নাম - ধৰ্ম জানো সেইয়া ভাবিব লগীয়া। এটি ভাল কথা হ’ল বিভিন্ন ঠাইত, অথবা বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় ত উপলব্ধ হোৱা এই উদ্ভিদ সমূহৰ বিষয়ে তাৰ স্থানীয় নাম আৰু বৈজ্ঞানিক নামৰ সৈতে ফলক গছ জোপাতেই আঁৰি থোৱা দেখা পাও। আমি বহুতেই পঢ়ো, পিছলৈ পাহৰিও যাও। ScientificTemperament ৰ উদ্যোগত অসমৰ বিভিন্ন অঞ্চলত উপলব্ধ হোৱা এই উদ্ভিদ সমূহৰ বিষয়ে অংকীয় (digital) ৰূপত অসমীয়া ভাষাত প্ৰকাশ কৰাৰ প্ৰয়াস কৰা হৈছে। এই শিতানত আপোনালোকে পাব সেই উদ্ভিদ সমূহৰ বিষয়ে য’ত থাকিব উদ্ভিদ জোপাৰ অসমীয়া নাম, বৈজ্ঞানিক নাম, গোত্ৰ, বিৱৰণ আৰু ব্যৱহাৰ। আহক, আমাৰ চৌপাশৰ এই জনা নজনা উদ্ভিদ সমূহৰ বিষয়ে নিজেও শিকো আৰু আনকো শিকাও।
যদি আপুনি আপোনাৰ চৌপাশে থকা কোনো উদ্ভিদৰ বিষয়ে জানিব বিচাৰে, তেন্তে সেইবিষয়ে ফটো সহ [email protected] মেইলত প্ৰেৰণ কৰিব পাৰে।
উদ্ভিদৰ নাম সমূহ (নামটিত ক্লিক কৰিলেই উদ্ভিদ জোপাৰ বিষয়ে পঢ়িবলৈ পাব):-
Write to
Jasmine Gogoi at [email protected]
Let’s develop our society with a scientific heart. Join us to build the scientifically nurtured future →