গোত্ৰ (Family) : Commelinaceae
বৈজ্ঞানিক নাম : Commelina benghalensis L.
অসমীয়া নাম : কণাশিমলু
বিৱৰণ:
কণাশিমলু ভাৰতবৰ্ষ তথা এছিয়াৰ এবিধ স্থানীয় উদ্ভিদ। সাধাৰণতে খেতি-পথাৰ বা চাহ-বাগিচাত অপতৃণ হিচাপে গজা এই তৃণজাতীয় উদ্ভিদজোপা অতিকৈ সহজলভ্য। ফুলবোৰ সাধাৰনতে নীলাৰঙৰ হয়।
ব্যৱহাৰ:
বনৌষধি হিচাপে কণাশিমলুৰ ব্যৱহাৰ অনেক। ৰক্তক্ষৰণ ৰোধ কৰিবলৈ কণাশিমলুৰ আগ এটা ছিঙি চেপি লৈ ইয়াৰ আঠাজাতীয় ৰসখিনি লগাই দিলে তৎক্ষণাত সুফল পোৱা যায়। আচিনা উঠিলেও ইয়াৰ ৰস দিয়া যায়। চীনদেশত ইয়াক Diuretic (প্ৰস্ৰাৱ বৃদ্ধি কৰিবলৈ) তথা বিষনাশক হিচাপে ব্যৱহাৰ কৰাৰ তথ্য পোৱা যায়। বহু ঠাইত শাক হিচাপেও ইয়াক গ্ৰহন কৰে।


