গোত্ৰ (Family) : Acanthaceae
বৈজ্ঞানিক নাম : Thunbergia alata Bojer ex Sims
অসমীয়া নাম : কৃষ্ণাক্ষী ফুল, কৃষ্ণাক্ষীপৰী লতা
বিৱৰণ:
পূৱ আফ্ৰিকা মূলীয় বহুবৰ্ষী এই লতাজাতীয় উদ্ভিদ অসমতো সাধাৰণতেই দেখা যায়। সুন্দৰ হালধীয়া ৰঙৰ ফুলৰ মাজ অংশত ক’লা ফোটৰ দৰে অংশটিৰ বাবে ইয়াক কৃষ্ণাক্ষী লতা বুলি কোৱা হয়। হৃদয়াকৃতিৰ পাতেৰে সৈতে লতাজুপিৰ মাৰ্চৰ পৰা মে মাহৰ ভিতৰত ফুল ফুলা দেখা যায়।
ব্যৱহাৰ:
অলংকাৰিক ভাৱে যথেষ্ট মূল্য থকা এই উদ্ভিদজোপাৰ ঔষধি গুণাগুণো আছে। মূৰৰ কামোৰণি বা বিষ হ’লে ইয়াৰ পাত পিহি কপালত প্ৰলেপ এটা দি থলে আৰাম পোৱা যায়। ইয়াৰ পাতৰ ৰস পিহি খালে কেচুমূৰীয়া ৰোগৰ পৰা উপশম পোৱা যায়। চকুৰ চকু নমা (conjunctivitis) ৰোগতো ইয়াৰ পাতৰ ৰস দি চিকিৎসা কৰাৰ তথ্য পোৱা যায়।
ইয়াৰ পাত উতলাই পোৱা ৰসখিনি মহিলাৰ গৰ্ভনিৰোধক হিচাপে ব্যৱহাৰ কৰা হয়।

