গোত্ৰ (Family) : Convolvulaceae
বৈজ্ঞানিক নাম : Evolvulus nummularius (L.) L.
অসমীয়া নাম : ভূঁই-আঁকোৰা
বিৱৰণ:
আফ্ৰিকা তথা আমেৰিকা মূলীয় এই উদ্ভিদজোপা একবৰ্ষী উদ্ভিদ। ইয়াক সাধাৰণতে মাটি বা শিলত চেপেটাকৈ লাগি থকা দেখা যায় বাবে স্থানীয়ভাৱে ইয়াক ভূঁই-আঁকোৰা বুলি জনা যায়। ইয়াৰ ফুলবোৰ বগা ৰঙৰ হয় আৰু পাতবোৰ প্ৰায় গোলাকাৰ।
ব্যৱহাৰ:
ইয়াৰ পাতৰ ৰস পেটৰ পেলু (কৃমি) মৰা ঔষধ হিচাপে ব্যহাৰ হয়। ৰক্ত-শোধক আৰু স্মৃতিশক্তি বৃদ্ধিৰ বাবে ইয়াক সেৱন কৰাৰ তথ্য পোৱা যায়। ইয়াক সাৱধানে ব্যৱহাৰ কৰিব লাগে যিহেতু ইয়াৰ ৰস চকুত পৰিলে দৃষ্টিশক্তি লোপ পোৱা বা চকুৰ খজুৱতি হ’ব পৰাৰ তথ্য পোৱা গৈছে।
Write to
Jasmine Gogoi at csr@scientifictemperament.com
Let’s develop our society with a scientific heart. Join us to build the scientifically nurtured future →