লেখক: পঙ্কজ বৰুৱা · অনুৰণন, সংখ্যা 3 (Vol 1, Issue 3, August 2019) · পৃষ্ঠা 11–14
২০১৯ চনৰ আগষ্ট মাহত পৃথিৱীৰ কাষেৰে পাৰ হৈ যোৱা কেইবাটাও ক্ষুদ্ৰ গ্ৰহ (asteroid)ৰ বিষয়ে এই লেখাটো। Empire State Building-তকৈও ডাঙৰ '2006 QQ23' নামৰ ক্ষুদ্ৰ গ্ৰহটোৱে ১০ আগষ্টত ঘণ্টাত ২৬,৭৪০ কিঃমিঃ বেগেৰে পৃথিৱীৰ পৰা ৭.৪ মিলিয়ন কিঃমিঃ দূৰেৰে পাৰ হোৱাৰ কথা কেন্দ্ৰ কৰি লেখকে 'বিপদজনক বৰ্গ'ৰ ক্ষুদ্ৰ গ্ৰহ কাক বোলে, উল্কা কেনেকৈ বায়ুমণ্ডলত জ্বলি যায় আৰু এষ্টেৰয়ড বেল্ট কি, সেই কথা বুজাইছে। বৈজ্ঞানিকসকলে এতিয়ালৈকে ৩০০ মিটাৰতকৈ ডাঙৰ ৫০০০-ৰো অধিক বিপদজনক ক্ষুদ্ৰ গ্ৰহ চিনাক্ত কৰিছে যদিও অহা এশ বছৰত সংঘৰ্ষৰ পৰা পৃথিৱী সুৰক্ষিত বুলি নাছাৰ মত উল্লেখ কৰা হৈছে।
আগষ্ট মাহত পাৰ হৈ যোৱা 2019 ON, 2013 BZ45, 2018 PN22, 2016 PD, 2002 JR100 আৰু 2019 OU1 নামৰ ক্ষুদ্ৰ গ্ৰহবোৰৰ আকাৰ, বেগ, দূৰত্ব আৰু তাৰিখ এটা এটাকৈ দিয়া হৈছে। শেষত ২০১৮ চনৰ ডিচেম্বৰত বেৰিং সাগৰৰ ওপৰত আৰু ২০১৩ চনত ৰাছিয়াৰ Chelyabinsk-ৰ ওপৰত হোৱা উল্কা বিস্ফোৰণৰ উদাহৰণেৰে পৃথিৱীৰ বায়ুমণ্ডলে আমাক মহাকাশীয় বিপদৰ পৰা কেনেকৈ ৰক্ষা কৰে, সেই কথা কোৱা হৈছে।

