লেখক: অনুলেখা কাকতী · অনুৰণন, সংখ্যা 16 (Vol 3, Issue 4, July – August 2022) · পৃষ্ঠা 11–16
সপোনক লৈ প্ৰচলিত লোকবিশ্বাস আৰু অন্ধবিশ্বাসৰ পৰা আৰম্ভ কৰি সপোনৰ আঁৰৰ বৈজ্ঞানিক ব্যাখ্যা লেখাটোত আলোচনা কৰা হৈছে। টোপনিৰ সৈতে মেলাটনিন আৰু কৰ্টিছল হৰমনৰ সম্পৰ্ক, টোপনিৰ চাৰিটা স্তৰ আৰু আমি মূলতঃ আৰ.ই.এম. টোপনিত সপোন দেখাৰ কথা ব্যাখ্যা কৰা হৈছে। ফ্ৰয়েডে সপোনক মগজুৰ সংঘাত সমাধানৰ প্ৰচেষ্টা বুলি কোৱা তত্ত্বৰ লগতে সক্ৰিয়কৰণ-সংশ্লেষণ অনুমান (activation-synthesis hypothesis), ভাবুকি অনুকৰণ তত্ত্ব (threat simulation theory) আৰু সপোন অৰ্থপূৰ্ণ হ'লেও প্ৰতীকী নহয় বুলি কোৱা মনোবিজ্ঞানীসকলৰ মত দাঙি ধৰা হৈছে।
একেটা সপোন বাৰে বাৰে দেখাৰ কাৰণ, দুঃস্বপ্ন, লুচিদ সপোন আৰু সাৰ পোৱাৰ পিছত সপোন পাহৰি যোৱাৰ কাৰণো বৰ্ণনা কৰা হৈছে। সপোনে স্মৃতিশক্তি শক্তিশালী কৰে আৰু সৃষ্টিশীলতা তথা সমস্যা সমাধানৰ ক্ষমতা বঢ়ায় বুলি ৰামানুজনৰ উদাহৰণেৰে কোৱা হৈছে। সপোন দেখাটো সুস্থ মানসিকতাৰ সূচক আৰু ইয়াক অন্ধবিশ্বাসৰ সলনি বিজ্ঞানৰ দৃষ্টিৰে চাবলৈ লেখিকাই আহ্বান জনাইছে।

