লেখক: শাহিনশাহ ইকবাল · অনুৰণন, সংখ্যা 3 (Vol 1, Issue 3, August 2019) · পৃষ্ঠা 15
নৱম শ্ৰেণীৰ ছাত্ৰ শাহিনশাহ ইকবালৰ এই চুটি লেখাটোত অপোহন (dialysis) কি, সেই কথা সৰলভাৱে বুজোৱা হৈছে। ৰোগ বা আঘাতৰ ফলত বৃক্ক বিকল হ'লে তেজত বৰ্জিত দ্ৰব্য জমা হয়, আৰু তেতিয়া কৃত্ৰিম পদ্ধতিৰে বৃক্কৰ কাম কৰোৱাটোৱেই অপোহন।
ই তেজৰ পৰা ক্ৰিয়েটিনিন আৰু ইউৰিয়া আঁতৰায়, দেহৰ অতিৰিক্ত পানী আৰু অম্লৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে আৰু ছ'ডিয়াম-পটাছিয়ামৰ মাত্ৰা নিৰ্দিষ্ট পৰিমাণত ৰাখে।

