লেখক: উৎপল ফুকন · অনুৰণন, সংখ্যা 3 (Vol 1, Issue 3, August 2019) · পৃষ্ঠা 40–46
ৰাটছএপৰ সহ-প্ৰতিষ্ঠাতা ব্ৰায়ান এক্টনৰ #deleteFacebook টুইট, কেমব্ৰিজ এনালাইটিকাই প্ৰায় ৫ কোটি ফেইচবুক ব্যৱহাৰকাৰীৰ তথ্য অপব্যৱহাৰ কৰাৰ অভিযোগ আৰু এডৱাৰ্ড স্ন'ডেনে ফাদিল কৰা NSA-ৰ নিৰীক্ষণৰ প্ৰসংগেৰে লেখাটো আৰম্ভ হৈছে। Aleksandr Kogan-ৰ 'thisisyourdigitallife' এপে ফেইচবুকৰ authorization service-ৰ জৰিয়তে ব্যৱহাৰকাৰী আৰু তেওঁলোকৰ বন্ধুসকলৰ তথ্য সংগ্ৰহ কৰি ভোটাৰৰ মনোভাৱ পূৰ্বানুমান কৰাৰ কৌশল কেনেকৈ কাম কৰিছিল, তাক বুজোৱা হৈছে। ইয়াৰ পিছত কৃত্ৰিম বুদ্ধিমত্তা কি, সেই কথা মানুহৰ মগজু আৰু শিশুৰ শিকাৰ প্ৰক্ৰিয়াৰ সৈতে তুলনা কৰি Artificial Neural Network-ৰ ধাৰণা মেকুৰীৰ ছবি চিনাক্ত কৰাৰ উদাহৰণেৰে সৰলভাৱে ব্যাখ্যা কৰা হৈছে।
আধুনিক মানুহৰ কায়িক আৰু ভাৰ্চুৱেল — দুটা ৰূপৰ কথা কৈ লেখকে দেখুৱাইছে যে ব্যক্তিগত প্ৰফাইল, সম্পৰ্ক, আৰ্থিক তথ্য, GPS ইতিহাস আদি বাৰটা দিশৰ তথ্যৰ পৰা AI-য়ে এজনৰ ৰাজনৈতিক মত, সামগ্ৰী ক্ৰয়ৰ ৰুচি আৰু ভৱিষ্যতে অপৰাধ কৰাৰ সম্ভাৱনালৈকে পূৰ্বানুমান কৰিব পাৰে। একাউণ্ট মচিলেও ভাৰ্চুৱেল ৰূপ 'অমৰ' হৈ থাকে বুলি কৈ লেখকে মানুহৰ ভাৰ্চুৱেল অমৰত্বৰ ধাৰণা দাঙি ধৰিছে, আৰু পাদটীকাত টুৰিং টেষ্ট কি, সেই কথা বুজাইছে।

