লেখক: ৰিপুঞ্জয় বৰদলৈ · অনুৰণন, সংখ্যা 3 (Vol 1, Issue 3, August 2019) · পৃষ্ঠা 53–57
'বিজ্ঞান জগতৰ সোণালী মুকুটা' শিতানৰ এই লেখাটোত প্ৰসিদ্ধ বিজ্ঞান লেখক বিজয় কৃষ্ণ দেৱ শৰ্মাই ৰিপুঞ্জয় বৰদলৈৰ সৈতে হোৱা বাৰ্তালাপত নিজৰ বিজ্ঞান লেখক হৈ উঠাৰ কাহিনী কৈছে। কটন কলেজত গণিতত বি.এছ.চি. পাছ কৰাৰ পিছত বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ত ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈ চকুৰ অসুখৰ বাবে পঢ়া এৰি গুৱাহাটীৰ সোণাৰাম হাইস্কুলত শিক্ষকতা আৰম্ভ কৰা, বাংলা 'দেশ' আলোচনীৰ 'বিশ্ব বিজ্ঞান' স্তম্ভৰ পৰা অনুপ্ৰাণিত হৈ ৰত্ন ওজাৰ উৎসাহত 'আমাৰ প্ৰতিনিধি'ত প্ৰথম বিজ্ঞান প্ৰবন্ধ প্ৰকাশ কৰা — এই ঘটনাবোৰ তেওঁ স্মৰণ কৰিছে। গণিত শিক্ষক হিচাপে তেওঁৰ ছাত্ৰই মেট্ৰিকত লেটাৰ নম্বৰ পোৱাত শিক্ষা বিষয়া চুৰেশ চন্দ্ৰ ৰাজখোৱাই ১৯৬১ চনৰ পৰা জিলাই জিলাই গণিত শিক্ষকৰ প্ৰশিক্ষণৰ দায়িত্ব দিয়ে, আৰু সেই বক্তৃতাসমূহেই তেওঁৰ প্ৰথম গ্ৰন্থ 'অংকৰ প্ৰশিক্ষণ প্ৰণালী' হিচাপে লয়াৰ্ছ বুক ষ্টলৰ পৰা প্ৰকাশ পায়।
পদ্ম বৰকটকী, ৰত্ন ওজা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, কীৰ্তিনাথ হাজৰিকা, চন্দ্ৰপ্ৰসাদ শইকীয়া, নৱকান্ত বৰুৱা আদি সম্পাদক-সাহিত্যিকৰ উৎসাহ, এপ'ল' চন্দ্ৰ অভিযানৰ সময়ত তিনি মাহত লিখা 'চন্দ্ৰলোকত প্ৰথম মানুহ' গ্ৰন্থ আৰু এতিয়াৰ বিজ্ঞানময় পৰিৱেশৰ কথাও তেওঁ কৈছে। গণিতৰ পাঠ্যক্ৰম ১৯৬০ৰ দশকৰ পৰা স্বতঃসিদ্ধ (axiomatic) হোৱা, গণিতভীতি দূৰ কৰিবলৈ প্ৰায়োগিক দিশত গুৰুত্ব দিয়া, সৰু শ্ৰেণীৰ পৰাই বিজ্ঞানৰ প্ৰয়োগশালা থকা আৰু বিজ্ঞানমনস্কতা গঢ়িবলৈ বিজ্ঞান কৰ্মীসকলে সংগঠিতভাৱে অন্ধবিশ্বাসৰ কাৰণ সমাজক বুজাই দিয়াৰ পৰামৰ্শ তেওঁ দিছে। শেষত 'চোৰে নেৰে চোৰ বৃত্তি' ফকৰাৰে লেখাটো সামৰি তেওঁ কৈছে যে বয়স হ'লেও লিখাটো তেওঁৰ অভ্যাস হৈ ৰৈছে।

