লেখক: জানমনি বৰা · অনুৰণন, সংখ্যা 4 (Vol 1, Issue 4, Apr 2020) · পৃষ্ঠা 11–12
পলিথিন প্ৰদূষণৰ ওপৰত লিখা এটি সৰল ছন্দোবদ্ধ কবিতা। শীতকালৰ পাচলি খেতি কৰাৰ মনেৰে এজন ককাই শইচৰ গুটি আনি বাৰীৰ জেওৰা বান্ধে, কিন্তু হাল বাবলৈ গৰু-ম'হ নথকাত কোৰেৰে মাটি খান্দিবলৈ ধৰোঁতে মাটিৰ তলত তৰপে তৰপে পলিথিন ওলাই পৰে।
কবিতাটোৱে কয় যে পলিথিন কেতিয়াও নপচে, হাজাৰ-দুহাজাৰ বছৰ মাটি বা পানীত একেদৰে ৰৈ মাটিৰ উৰ্বৰতা কমায়, আৰু কাৰ্বন নিৰ্গমন বা বন ধ্বংসৰ দৰেই পলিথিনো এক গুৰুতৰ সমস্যা; সেয়ে পলিথিনক 'আমাৰ প্ৰধান শত্ৰু' বুলি বুজি পোৱা ককাই নাতিক ভাবি-চিন্তি চাবলৈ কৈছে।

