লেখক: সীমান্ত শৰ্মা · অনুৰণন, সংখ্যা 6 (Vol 1, Issue 6, Feb 2020) · পৃষ্ঠা 4
দেওমৰনৈ হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ সীমান্ত শৰ্মাৰ এই কবিতাটোত বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষণে ক্ষণে আগবঢ়া গতি আৰু বিজ্ঞান প্ৰচাৰত 'অনুৰনন'ৰ ভূমিকাৰ কথা কোৱা হৈছে। কবিয়ে ধৰণীক পুনৰ সেউজীয়া কৰিবলৈ গছপুলি ৰোৱা মানুহৰ প্ৰয়াস আৰু দেশৰ চুকে-কোণে আহি থকা নতুন যুগৰ ছবি আঁকিছে।
বৈজ্ঞানিক মানসিকতা গঢ়িব পাৰিলেহে সমাজৰ পৰা কু-সংস্কাৰ নাইকিয়া হ'ব বুলি কবিতাটোৰ সামৰণি মৰা হৈছে।

