লেখক: (no author printed) · অনুৰণন, সংখ্যা 8 (Vol 1, Issue 8, June 2020) · পৃষ্ঠা 11–12
একবিংশ শতিকাৰ যান্ত্ৰিক আৰু কৃত্ৰিম জীৱনক সম্বোধন কৰি লিখা এটি কবিতা। কংক্ৰিটৰ দেৱালৰ সিপাৰে থকা পৃথিৱীৰ সেউজীয়া আৰু বৰষুণে ধুই নিয়া কেঁচা মাটিৰ গোন্ধৰ বিপৰীতে কবিয়ে যন্ত্ৰৰ দ্বাৰা পৰিচালিত পুৱা-নিশা, গ্ল'বেলাইজেচনৰ কুটিল চক্ৰত বন্দী আৰু সকলো ভাৰ্চুৱেল হৈ পৰা এখন অকণমানি পৃথিৱীৰ ছবি আঁকিছে।
আত্মীয়তাৰ প্ৰকৃত অৰ্থ, মৰম নদীৰ গভীৰতা, মানৱতা আৰু সহানুভূতিৰ পৰা আঁতৰি থকা এই যান্ত্ৰিক পুতলাৰ জীৱনত জীৱনৰ প্ৰকৃত সত্য লুকাই থাকে বুলি কবিতাটোৱে কয়।

