লেখক: দীপশিখা ভাগৱতী · অনুৰণন, সংখ্যা 8 (Vol 1, Issue 8, June 2020) · পৃষ্ঠা 36–37
লহপহকৈ বাঢ়ি অহা জিকা পুলি এটা বিৰক্তিত উভালি পেলোৱাৰ কথাৰে আৰম্ভ হোৱা এটি মুক্তছন্দৰ কবিতা, য'ত ঘৰচিৰিকা, গছজোপা, শস্যভূমিৰ সাম্ৰাজ্য আৰু অৰণ্যভূমিৰ চিত্ৰকল্পৰ মাজেৰে জন্ম-মৃত্যু, স্বৰ্গ-নৰক আৰু ভোকৰ প্ৰসংগ উত্থাপন কৰা হৈছে। শিপাই খামোচ মাৰি ধৰা লুণীয়া মাটি, নগৰৰ বৈৰাগ্য মন্থন, ভগ্ন মন্দিৰ, তেজীমলা আৰু মাতাল কুঠাৰৰ ৰংবাজ গুলালৰ দৰে প্ৰতীকৰ সমাহাৰেৰে কবিতাটো আগবাঢ়ে।
'জন্মৰ বাবেই মাথো মৃত্যু নাছিল' বুলি কৈ গছজোপাত থকা মায়াৰ অঘোৰ উত্তাল সাগৰৰ কথাৰে ইয়াৰ সামৰণি পৰিছে।

