লেখক: অংশুমান হাজৰিকা · অনুৰণন, সংখ্যা 9 (Vol 2, Issue 3, June – July 2021) · পৃষ্ঠা 2–6
সম্পাদকীয়টোৱে ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত ভাৰত চৰকাৰে জাৰি কৰা সামাজিক মাধ্যম সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা আৰু তাক লৈ হোৱা বিতৰ্কৰ পৰ্যালোচনা কৰিছে। নিয়ম অনুসৰি কোম্পানীবোৰে ভাৰতত chief compliance officer আৰু nodal contact person নিয়োগ কৰিব লাগিব, আপত্তিজনক তথ্য ৩৬ ঘণ্টা (যৌনতামূলক তথ্য ২৪ ঘণ্টা)ৰ ভিতৰত আঁতৰাব লাগিব আৰু চৰকাৰে বিচাৰিলে কোনো বাৰ্তা প্ৰথমে কোনে দিছিল সেয়া জনাব লাগিব; Koo-এ মানি লোৱাৰ বিপৰীতে whatsapp-এ দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ দিছে। ইয়াৰ পিছত end-to-end encryption, metadata, whatsapp-ৰ cloud backup আৰু Signal-ৰ দৰে অলাভজনক এপৰ ক্ষেত্ৰত নিয়ম প্ৰয়োগৰ প্ৰশ্নবোৰ উত্থাপন কৰা হৈছে।
লেখকে যুক্তি দিছে যে ISP, মোবাইল নিৰ্মাতা আৰু বিজ্ঞাপন কোম্পানীবোৰে ইতিমধ্যে আমাৰ বিষয়ে বহু তথ্য জানে, আৰু cyber security সজাগতাৰ অভাৱে বেংক প্ৰৱঞ্চনা, ভাইৰেল ভিডিঅ'ৰ দৰে অপৰাধৰ বাট মুকলি কৰে। শেষত কোৱা হৈছে যে ভুল নকৰিলে ভয়ৰ কাৰণ নাই, আৰু এই নিয়মে ছাইবাৰ অপৰাধ কমাব পাৰিলে প্ৰতিটো কোম্পানীয়ে মানি চলাটো প্ৰয়োজনীয়; অপৰাধ আৰু তথাকথিত গোপনীয়তাৰ মাজৰ সিদ্ধান্তটো পাঠকৰ হাতত এৰি দিয়া হৈছে।

