লেখক: পংকজ বৰুৱা · অনুৰণন, সংখ্যা 9 (Vol 2, Issue 3, June – July 2021) · পৃষ্ঠা 20–23
সৌৰজগতৰ 'ভেকুৱাম ক্লিনাৰ' বুলি জনাজাত বৃহস্পতিয়ে নিজৰ প্ৰবল মধ্যাকৰ্ষণেৰে ধূমকেতু, গ্ৰহাণু আৰু উল্কাক টানি আনি পৃথিৱীক সংঘৰ্ষৰ পৰা কেনেকৈ ৰক্ষা কৰে, সেয়াই এই লেখাৰ বিষয়। ১৯৯৪ চনত শ্বুমেকাৰ-লেভি ৯ ধূমকেতুটো বৃহস্পতিৰ বুকুত খুন্দা মৰা ঘটনাটো (প্ৰায় ২,১৬,০০০ কিঃমিঃ/ঘণ্টা বেগ, ৪২,০০০° ফাৰেনহাইট উত্তাপ) আৰু ২০০৯ চনৰ অনুৰূপ ঘটনাক উদাহৰণ হিচাপে লোৱা হৈছে। বৃহস্পতিৰ গঠন, এম'নিয়াযুক্ত বিষাক্ত বায়ুমণ্ডল, দা গ্ৰেট ৰেড স্পট ঘূৰ্ণীবতাহ, ৭৯টা উপগ্ৰহ আৰু জীৱনৰ সম্ভাৱনা থকা গেনিমেড উপগ্ৰহৰ কথাও উল্লেখ আছে।
হাইড্ৰ'জেন-হিলিয়ামেৰে গঠিত হৈয়ো নিউক্লিয় বিক্ৰিয়া চলাবলৈ যথেষ্ট ভৰ নথকাত ইয়াক 'ফেইল ষ্টাৰ' বোলা হয়, আৰু সূৰ্য আৰু বৃহস্পতিয়ে এক উমৈহতীয়া কেন্দ্ৰক প্ৰদক্ষিণ কৰে। লেখকে লগতে কৈছে যে প্ৰায় ৬ কোটি বছৰ আগতে বৃহস্পতিৰ মধ্যাকৰ্ষণৰ পৰা বাচি অহা এটা উল্কাপিণ্ডই ডাইন'ছৰ ধ্বংস কৰিছিল, আৰু ফ্ৰেংক ড্ৰেকৰ মতে বৃহস্পতিৰ দৰে ৰক্ষক নথকা নক্ষত্ৰপুঞ্জত হাজাৰ হাজাৰ সভ্যতা ধ্বংস হৈ থাকিব পাৰে।

