লেখক: শ্ৰেষ্ঠা চাংমাই (শিশু শিতান) · অনুৰণন, সংখ্যা 14 (Vol 3, Issue 2, March – April 2022) · পৃষ্ঠা 62–63
চন্দ্ৰৰ উৎপত্তি আৰু ভৱিষ্যৎ সম্পৰ্কে বিজ্ঞানীসকলৰ মতবোৰ এই সৰু লেখাত সৰলভাৱে দাঙি ধৰা হৈছে। সৌৰজগতৰ সৃষ্টিৰ সময়ত মঙ্গল গ্ৰহৰ আকাৰৰ 'থেইয়া' নামৰ পিণ্ড এটাই পৃথিৱীক খুন্দা মৰাৰ ফলত ওফৰি যোৱা অংশৰ পৰা চন্দ্ৰ সৃষ্টি হোৱাৰ কথা, পৃথিৱীৰ পৰা চন্দ্ৰৰ এটা ফালহে দেখা পোৱাৰ কাৰণ আৰু আদিতে পৃথিৱীৰ দুটা উপগ্ৰহ থকা আৰু সৰুটো ডাঙৰটোৰ লগত মিলি গৈ ডাঠ তৰপ সৃষ্টি কৰাৰ মতবাদৰ কথা কোৱা হৈছে।
ভৱিষ্যৎ সম্পৰ্কে দুটা মত উল্লেখ কৰা হৈছে: এটা মতে চন্দ্ৰই লাহে লাহে পৃথিৱীৰ মধ্যাকৰ্ষণৰ পৰা আঁতৰি গৈ আৰু উপগ্ৰহ হৈ নাথাকিব; আনটো মতে চন্দ্ৰ ক্ৰমে ওচৰলৈ আহি পৃথিৱীৰ মধ্যাকৰ্ষণত ভাগি পৰি পৃথিৱীৰ চাৰিওফালে সিঁচৰতি হ'ব আৰু শেষত ধ্বংসাৱশেষবোৰ পৃথিৱীলৈ সৰি পৰিব।

