লেখক: ৰান্না ৰাজখোৱা · অনুৰণন, সংখ্যা 5 (Vol 1, Issue 5, Dec 2019) · পৃষ্ঠা 22–27
নক্ষত্ৰৰ জন্ম, নামকৰণ আৰু শ্ৰেণী বিভাজনৰ পৰা আৰম্ভ কৰি জীৱবিদ্যাৰ ‘বংশবৃক্ষ’ ধাৰণাটো আমাৰ হাতীপটি তাৰকাৰাজ্যৰ নক্ষত্ৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰা এক নতুন গৱেষণাৰ বিষয়ে এই প্ৰবন্ধত লিখা হৈছে। হাইড্ৰ’জেন-প্ৰধান গেছৰ ডাৱৰ মহাকৰ্ষণৰ প্ৰভাৱত সংকুচিত হৈ উত্তপ্ত হোৱা আৰু কেন্দ্ৰত নিউক্লীয় বিক্ৰিয়া আৰম্ভ হৈ তৰা এটা জন্ম হোৱাৰ প্ৰক্ৰিয়া, হিপাৰ্কাছ, টলেমী আৰু বেয়াৰৰ প্ৰাচীন নাম-তালিকা, আৰু অতি দৈত্যাকাৰ, দৈত্যাকাৰ, মুখ্যক্ৰম আৰু বগা বাওনা তৰাৰ চাৰিটা শ্ৰেণীৰ কথা প্ৰথমে বুজোৱা হৈছে। জীৱৰ ক্ষেত্ৰত ডি এন এ-ই যেনেকৈ সম্পৰ্ক নিৰ্ণয় কৰে, তেনেকৈ তৰাৰ ৰাসায়নিক গঠনেও তাৰ বংশ-পৰিচয় দিব পাৰে, কিয়নো গধুৰ মৌলসমূহ তৰাৰ ভিতৰত সৃষ্টি হৈ মৃত্যুৰ সময়ত মহাকাশত সিঁচৰতি হয় আৰু পৰৱৰ্তী প্ৰজন্মৰ তৰা তাৰেই সমৃদ্ধ হয়।
কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিদ পাওলা জ’ফ্ৰে আৰু মানৱ বিৱৰ্তনৰ বিশেষজ্ঞ ৰবাৰ্ট ফলেৰ দলটোৱে চিলিৰ লা চিল্লা দূৰবীক্ষণেৰে সূৰ্যৰ ওচৰৰ বাইশটা নক্ষত্ৰ অধ্যয়ন কৰি জীৱবিদ্যাৰ ‘phylogenetic’ গাণনিক কৌশল প্ৰয়োগ কৰিছে আৰু ফলাফল Monthly Notices of the Royal Astronomical Society-ত প্ৰকাশ কৰিছে। তেওঁলোকে বেছিভাগ তৰা পূৰ্বপৰিচিত দুটা পৰিয়ালৰ বুলি নিশ্চিত কৰাৰ লগতে আগতে অজ্ঞাত তৃতীয় এটা তৰাৰ পৰিয়াল আৱিষ্কাৰ কৰিছে, যিটো তাৰকাৰাজ্য একত্ৰীভৱন বা গঠনৰ প্ৰাৰম্ভিক কালত সৃষ্টি হোৱা বুলি অনুমান কৰা হৈছে; গ্ৰেন’বলৰ ডিডাৰ ফ্ৰাইক্স-বাৰ্নেটৰ ‘Astrocladistics’ প্ৰচেষ্টাৰ কথাও উল্লেখ আছে। অধিক তৰাৰ তথ্যৰে এই বংশবৃক্ষ সম্পূৰ্ণ কৰিব পাৰিলে তাৰকাৰাজ্যৰ ‘মূল’ আৰু ‘শিপা’ বুজাত সহায় হ’ব বুলি লেখাটোৰ সামৰণি মৰা হৈছে।

