লেখক: পঙ্কজ বৰুৱা · অনুৰণন, সংখ্যা 5 (Vol 1, Issue 5, Dec 2019) · পৃষ্ঠা 39–41
আমাৰ হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্ৰত থকা ছেজেটেৰিয়াছ এ* নামৰ বিশাল কৃষ্ণগহ্বৰৰ প্ৰচণ্ড মহাকৰ্ষণৰ ফলত তাৰকাৰাজ্যৰ পৰা বাহিৰলৈ নিক্ষিপ্ত হোৱা অতি বেগী নক্ষত্ৰৰ বিষয়ে এই লেখা। কৃষ্ণগহ্বৰৰ কাষত ঘূৰি থকা কিছুমান তৰাৰ কক্ষবেগ ক্ৰমে বাঢ়ি প্ৰতি ঘণ্টাত ১.১৫ৰ পৰা ১.৮ নিযুত কিলোমিটাৰ পৰ্যন্ত হয়, যাৰ ফলত সেইবোৰ তাৰকাৰাজ্যৰ মহাকৰ্ষণ অতিক্ৰম কৰি অজান মহাকাশলৈ গুচি যায়; বিজ্ঞানীয়ে এনে প্ৰায় ২০টা তৰা চিনাক্ত কৰিছে, যাৰ ভিতৰত ২০০৫ চনত আৱিষ্কৃত HE 0437-5439, ২০০৮ চনৰ HD 271791 আৰু ২০১৪ চনৰ LAMOST-HVS1 উল্লেখযোগ্য। এংগ্ল’-অষ্ট্ৰেলিয়ান টেলিস্কোপ আৰু Gaia উপগ্ৰহৰ সহায়ত পোৱা S5-HVS1 নামৰ তৰাটো ঘণ্টাত ৬ নিযুত কিলোমিটাৰ বেগেৰে গৈ আছে — আন বেগী তৰাতকৈ দহগুণ বেছি — আৰু ই ১৯৮৮ চনত জেক জি.
হিলছে আগবঢ়োৱা ধাৰণাৰ প্ৰথম প্ৰত্যক্ষ প্ৰমাণ। এই নক্ষত্ৰবোৰ সূৰ্যতকৈ দহগুণ ডাঙৰ আৰু বহুগুণে উজ্জ্বল, আৰু তাৰকাৰাজ্যৰ পৰা নক্ষত্ৰ নিক্ষিপ্ত হোৱাটো এক স্বাভাৱিক পৰিঘটনা বুলি বিজ্ঞানীসকলে কয়। একেদৰে নিক্ষিপ্ত হোৱা গ্ৰহবোৰ ‘ৰ’গ প্লেনেট’ হিচাপে অকলে বিচৰণ কৰে, আৰু হাতীপটিয়ে প্ৰায় প্ৰতি এক লাখ বছৰত এটাকৈ নক্ষত্ৰ বাহিৰলৈ পঠায় বুলি অনুমান কৰা হৈছে।

