লেখক: মৃদুল কুমাৰ শৰ্মা · অনুৰণন, সংখ্যা 9 (Vol 2, Issue 3, June – July 2021) · পৃষ্ঠা 18–19
জলকীয়া খালে মুখ জ্বলাৰ পিছত পানী খালে কিয় উপশম নহয়, সেই প্ৰশ্নৰ বৈজ্ঞানিক উত্তৰ এই কিটিপত দিয়া হৈছে। জলকীয়াত থকা কেপছাইচিন (capsaicin) যৌগটো জলবিদ্বেষী (hydrophobic), সেয়ে পানীয়ে ইয়াক মুখগহ্বৰৰ সকলো ফালে বিয়পাই দিয়ে; আনহাতে ই স্নেহপ্ৰেমী (lipophilic) হোৱাৰ বাবে গাখীৰ, দৈ, মাখন বা ঘিঁৰ দৰে চৰ্বিজাতীয় পদাৰ্থই ইয়াক আঁতৰাই দিব পাৰে। সেই কাৰণেই ভোজত মাংসৰ পিছত দৈ পৰিৱেশন কৰা হয় আৰু চীনদেশৰ জ্বলা খাদ্যৰ লগত তেলীয়া চছ্ দিয়া হয়।
ইথানল দ্ৰাৱক হোৱাৰ বাবে এলকহলেও কেপছাইচিন দ্ৰৱীভূত কৰিব পাৰে যদিও লেখকে এই উপায় পৰামৰ্শ নিদিয়ে। শেষত অসমীয়া বানানৰ এটা টোকা দিয়া হৈছে: খাওক, যাওক আদি শব্দৰ 'ও'ৰ ওপৰত চন্দ্ৰবিন্দু নবহে।

