লেখক: ভাৰ্গৱ বৰঠাকুৰ · অনুৰণন, সংখ্যা 9 (Vol 2, Issue 3, June – July 2021) · পৃষ্ঠা 24–28
ক'ভিড-১৯ৰ প্ৰতিষেধক হিচাপে গুজৰাটৰ কিছুমান লোকে গোবৰ গাত লেপি গো-মূত্ৰ পান কৰাৰ বাতৰি (টাইমছ অৱ ইণ্ডিয়া, ১১ মে')ৰ পৰা আৰম্ভ কৰি এই লেখাটোৱে বিকল্প চিকিৎসাৰ নামত চলা অবৈজ্ঞানিক প্ৰচাৰৰ বিশ্লেষণ কৰিছে। গোবৰ-গো-মূত্ৰই ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় বুলি কোনো বৈজ্ঞানিক গৱেষণা নাই, বৰং জীৱ-জন্তুৰ মল-মূত্ৰৰ সংস্পৰ্শত বেক্টেৰিয়া-ভেঁকুৰৰ সংক্ৰমণ আৰু নতুন Zoonotic ৰোগৰ আশংকা থাকে বুলি কৈ ডাঃ ফাহিম ইউনুছৰ ক'লা ভেঁকুৰ (mucormycosis) সম্পৰ্কীয় সতৰ্কবাণী উদ্ধৃত কৰা হৈছে। লেখকে 'বৈজ্ঞানিকভাৱে প্ৰমাণিত', Quantum-ৰ দৰে শব্দৰ অপব্যৱহাৰ, ব্যক্তিগত অভিজ্ঞতাক প্ৰমাণ হিচাপে লোৱা আৰু গো-মূত্ৰৰ আমেৰিকান 'পেটেণ্ট'ক মানৱ দেহত কাৰ্যকৰী হোৱাৰ প্ৰমাণ বুলি ভবাৰ ভ্ৰান্তিবোৰ এটা এটাকৈ খণ্ডন কৰিছে।
পেটেণ্টখনত এণ্টি-বেক্টেৰিয়েল পদাৰ্থৰ ৰাসায়নিক সংৰচনা, পৰীক্ষাৰ তথ্য আৰু মানৱ দেহত ইয়াৰ ক্ৰিয়াৰ প্ৰমাণ নথকা কথাটো চাৰিটা প্ৰশ্নৰ জৰিয়তে দেখুওৱা হৈছে। ইয়াৰ বিপৰীতে ভেকছিনে কেনেকৈ দুৰ্বল বা মৃত ভাইৰাছৰ জৰিয়তে শৰীৰক এণ্টিবডি গঠন কৰিবলৈ প্ৰশিক্ষণ দিয়ে, আৰু ১০০% সুৰক্ষা নিদিলেও গুৰুতৰ অৱস্থাৰ পৰা ৰক্ষা কৰে সেয়া ব্যাখ্যা কৰা হৈছে। ৰাজনৈতিক মতাদৰ্শ যিয়েই নহওক, বিজ্ঞানীসকলৰ বছৰজোৰা পৰিশ্ৰমৰ ফল ভেকছিন সোনকালে লোৱাটোৱেই ক'ৰ'নাৰ পৰা দেশক বচোৱাৰ উপায় বুলি লেখাটো সামৰা হৈছে।

