লেখক: বিপুল শইকীয়া · অনুৰণন, সংখ্যা 10 (Vol 2, Issue 4, Aug – Sept 2021) · পৃষ্ঠা 15–21
ৰসায়নবিদ্যাক 'কেন্দ্ৰীয় বিজ্ঞান' হিচাপে চিনাকি কৰাই দি লেখকে আদিম যুগৰ পৰা আজিলৈকে মানৱ সভ্যতাত ৰাসায়নিক জ্ঞানৰ বিকাশৰ এটি চমু ইতিহাস দাঙি ধৰিছে। তাম, ব্ৰঞ্জ আৰু লোৰ আৱিষ্কাৰৰ পৰা আৰম্ভ কৰি গুডইয়েৰৰ ৰবৰ ভালকানাইজেচন, পাৰ্কিনৰ কৃত্ৰিম ৰং, নবেলৰ ডাইনামাইট আৰু মেণ্ডেলিভৰ পৰ্যায় সাৰণীলৈকে গুৰুত্বপূৰ্ণ পদক্ষেপসমূহ ইয়াত উল্লেখ কৰা হৈছে। ঔদ্যোগিক বিপ্লৱ, ভল্টাৰ বেটাৰী, শীতলীকৰণ প্ৰযুক্তি, হেবাৰ-বছ পদ্ধতিৰে এম'নিয়া উৎপাদন আৰু কৃত্ৰিম সাৰে কৃষি উৎপাদনত দিয়া অৱদানৰ কথাও কোৱা হৈছে।
চিকিৎসাৰ ক্ষেত্ৰত এক্স-ৰে, এম আৰ আই, চেতনানাশক ঔষধ, লিষ্টাৰৰ জীৱাণুনাশক আৰু ফ্লেমিঙৰ পেনিচিলিন আৱিষ্কাৰৰ লগতে ফুলাৰিন, গ্ৰাফিন আৰু এল চি ডিৰ দৰে আধুনিক পদাৰ্থৰ কথাও আলোচনা কৰা হৈছে। ভাৰতৰ ৰাসায়নিক উদ্যোগৰ অৰ্থনৈতিক গুৰুত্বৰ কথা উল্লেখ কৰি লেখকে সামৰণিত কৈছে যে জীৱাশ্ম ইন্ধন এই শতিকাতে শেষ হ'বলৈ ধৰাৰ পৰিপ্ৰেক্ষিতত সৌৰশক্তি, নতুন শক্তিৰ উৎস আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে নতুন ৰসায়নৰ প্ৰয়োজন হ'ব।

