লেখক: পংকজ বৰুৱা · অনুৰণন, সংখ্যা 10 (Vol 2, Issue 4, Aug – Sept 2021) · পৃষ্ঠা 22–25
সূৰ্যৰ পৰা নিৰন্তৰে ওলাই থকা আহিত কণিকাৰ সোঁত, অৰ্থাৎ সৌৰ বতাহ আৰু তাৰ পৰা উদ্ভৱ হোৱা সৌৰ ধুমুহাই পৃথিৱীত কেনে প্ৰভাৱ পেলায়, সেয়াই এই লেখাৰ বিষয়। ১৯৫৮ চনত ইউজিন পাৰ্কাৰে আগবঢ়োৱা আৰু চন্দ্ৰশেখৰে প্ৰকাশ কৰা সৌৰ বতাহৰ তত্ত্ব, সৌৰকলংক, চৌম্বকীয় পুনঃসংযোগ আৰু লক্ষ লক্ষ হাইড্ৰ'জেন বোমাৰ সমান শক্তি নিৰ্গত কৰা সৌৰ জ্বলনৰ বিষয়ে ব্যাখ্যা কৰা হৈছে। পৃথিৱীৰ চৌম্বকমণ্ডলে এই কণিকাসমূহক কেনেকৈ প্ৰতিহত কৰে আৰু তাৰ ফলত মেৰু অঞ্চলত মেৰুজ্যোতি কেনেকৈ সৃষ্টি হয়, সেই কথাও কোৱা হৈছে।
নাছাই ভূ-চৌম্বকীয় ধুমুহাক জি-১ৰ পৰা জি-৫লৈ শ্ৰেণীভুক্ত কৰা, ১৮৫৯ চনৰ ধুমুহাই টেলিগ্ৰাফ ব্যৱস্থাত পেলোৱা প্ৰভাৱ আৰু ১৯৮৯ চনত কানাডাৰ কুইবেকত হোৱা কেইবাঘণ্টাজোৰা বিদ্যুৎ বিভ্ৰাটৰ উদাহৰণ দিয়া হৈছে। সামৰণিত লেখকে কৈছে যে সৌৰ বতাহে গঢ়ি তোলা হেলিঅ'স্ফিয়াৰে সৌৰজগতক মহাজাগতিক ৰশ্মিৰ পৰা ৰক্ষা কৰে, গতিকে সৌৰ ধুমুহা অপকাৰীতকৈ উপকাৰীহে বেছি।

