লেখক: লক্ষ্য জ্যোতি নাথ · অনুৰণন, সংখ্যা 12 (Vol 2, Issue 6, Nov – Dec 2021) · পৃষ্ঠা 26–35
পৃথিৱীৰ পৰা প্ৰায় ৪১৮ কিলোমিটাৰ ওপৰত ঘণ্টাত ২৭,৬০০ কিলোমিটাৰ বেগেৰে ঘূৰি থকা আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচন (ISS)-ৰ আকাৰ, ওজন, নিৰ্মাণৰ ইতিহাস আৰু ইয়াক পৰিচালনা কৰা পাঁচটা মহাকাশ সংস্থাৰ কথা লেখাটোত জনোৱা হৈছে। ১৯৯৮ চনৰ পৰা আজিলৈকে ১৯খন দেশৰ ২৪৪ জন মহাকাশচাৰী ISS-লৈ গৈছে, আৰু তাত থকা সাতজন মহাকাশচাৰীয়ে মাধ্যাকৰ্ষণহীন পৰিৱেশত কেনেকৈ খোৱা-শোৱা, শৌচ, ব্যায়াম আৰু মেৰামতিৰ কাম কৰে তাৰ বিৱৰণ দিয়া হৈছে। অসমীয়া ৰেণিতা শইকীয়াৰ স্বামী NASA-ৰ মহাকাশচাৰী Michael Fincke-য়ে ২০০৪ চনত অসমীয়া গামোচা লৈ ISS-ত বিহু নচা কথাটোৰ জৰিয়তে অসমৰ লগত ISS-ৰ সংযোগ দেখুওৱা হৈছে।
দ্বিতীয় ভাগত Sputnik-1, লাইকা আৰু যুৰি গাগাৰিনৰ পৰা আৰম্ভ কৰি চেটেলাইটৰ ইতিহাস, টিভি-ফোন-GPS-বতৰ-সামৰিক ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ আৰু Low, Medium আৰু High Earth Orbit-ৰ তিনি প্ৰকাৰৰ চেটেলাইটৰ কথা বুজোৱা হৈছে। শেষত ৰকেট আৰু Space Craft-ৰ সহায়ত মহাকাশচাৰীয়ে কেনেকৈ পৃথিৱীৰ মাধ্যাকৰ্ষণ অতিক্ৰম কৰি ISS-ত সংযোগ কৰে আৰু আকৌ পৃথিৱীলৈ ঘূৰি আহে, সেই প্ৰক্ৰিয়াটো বৰ্ণনা কৰা হৈছে।

