লেখক: ৰিপুঞ্জয় বৰদলৈ · অনুৰণন, সংখ্যা 12 (Vol 2, Issue 6, Nov – Dec 2021) · পৃষ্ঠা 51–60
গাঁৱত ডাইনী সন্দেহত হোৱা অত্যাচাৰৰ বিৰুদ্ধে বিজ্ঞানৰ যুক্তিৰে যুঁজ দিয়া এজন শিক্ষকৰ কাহিনী এইটো। শিক্ষক-কথকৰ দুগৰাকী ছাত্ৰী ৰিমি আৰু ৰংজালিয়ে জনায় যে সহপাঠী মণিৰ মাকক হোকাজান গাঁৱৰ মানুহে চক্ৰ বেজৰ পূজাৰ পিছত ডাইনী বুলি সন্দেহ কৰিছে, আৰু ইয়াৰ আঁৰত আছে মাটি-বাৰীৰ লোভত মণিৰ খুড়াকহঁতৰ ষড়যন্ত্ৰ। প্ৰাক্তন ছাত্ৰ বিকি আৰু ভূপেন আৰু আৰক্ষী বিষয়া অৰূপ বৰদলৈৰ সহায়ত কথকে লক্ষীমপুৰৰ 'বাবাজী'ৰ বেশ লৈ গাঁৱত উপস্থিত হয় আৰু চক্ৰ বেজে ডাইনী চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰা আটাৰ লাডু ৰঙা হোৱাৰ কৌশলটোকে খুড়াকৰ বিৰুদ্ধে প্ৰয়োগ কৰি তেওঁক ভয় খুৱাই স্বীকাৰোক্তি আদায় কৰে।
খুড়াক-খুড়ীয়েকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু চক্ৰ বেজক ইতিমধ্যে জে'লত ভৰোৱা হৈছে বুলি জনোৱা হয়। ঘূৰি অহাৰ পথত কথকে বুজাই দিয়ে যে জুই জ্বলাটো পানীৰ লগত ছডিয়ামৰ বিক্ৰিয়া আৰু লাডু ৰঙা হোৱাটো চূণপানীৰ লগত ফিনলফথেলিন পাউডাৰৰ বিক্ৰিয়াৰ ফল — বেজে এই সহজ বিজ্ঞানকে ভণ্ডামিৰ বাবে ব্যৱহাৰ কৰিছিল। শুনা কথাত কাণ নিদি দেখা কথাৰো তিনিটা প্ৰমাণ বিচাৰিবলৈ পাঠকক অনুৰোধ জনাই গল্পটো শেষ হয়।

