লেখক: ভদ্ৰাৱতী দত্ত · অনুৰণন, সংখ্যা 11 (Vol 2, Issue 5, Oct – Nov 2021) · পৃষ্ঠা 14–16
পৃথিৱীৰ জীৱকূলৰ অস্তিত্বৰ প্ৰতি গোলকীয় উত্তাপ বৃদ্ধিয়ে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ কথা কানৈ মহাবিদ্যালয়ৰ স্নাতক ছাত্ৰী ভদ্ৰাৱতী দত্তই এই লেখাটোত আলোচনা কৰিছে। জলবায়ু মানে কি, ই কেনেকৈ কোনো ঠাইৰ অৱস্থান, ভূ-অৱয়ৱ, উষ্ণতা, আৰ্দ্ৰতা আৰু বৰষুণৰ ওপৰত নিৰ্ভৰ কৰে আৰু জীৱকূল কেনেদৰে জলবায়ুৰ ওপৰত নিৰ্ভৰশীল, সেয়া প্ৰথমে বুজোৱা হৈছে। তাৰ পিছত বায়ুমণ্ডলৰ গেছসমূহৰ শতাংশ উল্লেখ কৰি কাৰ্বন-ডাই-অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আৰু জলীয় বাষ্পৰ দৰে 'সেউজ গৃহ গেছ'ই সূৰ্যৰ তাপ শূন্যলৈ ওলাই যাবলৈ নিদিয়াৰ ফলত পৃথিৱী গৰম হৈ অহা 'সেউজ গৃহ প্ৰভাৱ'ৰ ব্যাখ্যা দিয়া হৈছে, য'ত বনাঞ্চল ধ্বংস আৰু জৈৱিক খনিজ পদাৰ্থৰ ব্যৱহাৰক মূল কাৰণ হিচাপে চিহ্নিত কৰা হৈছে।
অসমত বাৰিষাৰ সময় সলনি হোৱা, গ্ৰীষ্মৰ সীমা বাঢ়ি যোৱা, পৰিভ্ৰমী চৰাইৰ আগমন হ্ৰাস পোৱা আৰু বহু জীৱ-জন্তু, গছ-গছনি বিলুপ্তপ্ৰায় হোৱাৰ উদাহৰণেৰে জৈৱ বৈচিত্ৰতাত ইয়াৰ প্ৰভাৱ দেখুওৱা হৈছে। শেষত লেখিকাই আধুনিক জীৱনধাৰাৰ মান কিছু কমাই সকলোৱে মিলি পৃথিৱী ৰক্ষাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হ'বলৈ আহ্বান জনাইছে।

