লেখক: অনুষ্কা শইকীয়া · অনুৰণন, সংখ্যা 14 (Vol 3, Issue 2, March – April 2022) · পৃষ্ঠা 50–55
নাগৰিক বিজ্ঞান প্ৰকল্প হিচাপে চলা 'Great Backyard Bird Count' (GBBC) আৰু অসমত ইয়াৰ পৰা গঢ়ি উঠা 'বিহু বাৰ্ড কাউণ্ট'ৰ অভিজ্ঞতা লেখিকাই বৰ্ণনা কৰিছে। বি. বৰুৱা মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞানৰ ছাত্ৰী হৈ থকা সময়ত কটন বিশ্ববিদ্যালয়ৰ ড° নাৰায়ণ শৰ্মাৰ পৰা GBBC আৰু ই-বাৰ্ড এপৰ 'Bird Count Checklist'ৰ কথা জানি ২০১৭ চনৰ পৰা মহাবিদ্যালয় চৌহদত এই গণনা আৰম্ভ কৰাৰ কথা কোৱা হৈছে। প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ চাৰিদিনত অনুষ্ঠিত এই গণনাত সাধাৰণ মানুহেও চৰাইৰ নাম আৰু সংখ্যা ই-বাৰ্ড এপৰ জৰিয়তে কৰ্ণেল লেব অৱ অৰ্নিথ'লজিলৈ পঠাব পাৰে।
২০১৭ চনত ৪.৩ হেক্টৰৰ কেম্পাছত দেখা পোৱা ৩৭টা প্ৰজাতিৰ চৰাইৰ ইংৰাজী আৰু অসমীয়া নামৰ তালিকা দিয়া হৈছে। ২০২০ চনৰ পৰা অসমত তিনিওটা বিহুৰ সময়ত 'বিহু বাৰ্ড কাউণ্ট' আৰম্ভ হোৱাৰ কথা, ২০২০ চনত ২৪০ খন চেকলিষ্ট আৰু ৩৮২ টা প্ৰজাতি নথিভুক্ত হোৱাৰ কথা আৰু বাৰ্ড কাউণ্ট ইণ্ডিয়াৰ ভূমিকাৰ কথা উল্লেখ কৰা হৈছে। শেষত চালিম আলিৰ পৰা ভাৰতত আৰম্ভ হোৱা 'বাৰ্ডিং' অভ্যাসটোৱে চৰাই সংৰক্ষণত সহায় কৰাৰ লগতে প্ৰকৃতিৰ লগত মানুহক আত্মীয় কৰি তুলিব বুলি কোৱা হৈছে।

