লেখক: জানমনি বৰা · অনুৰণন, সংখ্যা 2 (Vol 1, Issue 2, May – June 2019) · পৃষ্ঠা 13–15
মুক্ত অক্সিজেনেই উদ্ভিদে প্ৰাণীজগতক দিয়া আটাইতকৈ মূল্যৱান উপহাৰ — এই কথাৰে আৰম্ভ কৰি লেখকে বুজাইছে যে কেইটামান বেক্টেৰিয়াৰ বাহিৰে সকলো জীৱৰ কোষীয় শ্বসন মুক্ত অক্সিজেনৰ ওপৰত নিৰ্ভৰশীল আৰু সেউজীয়া উদ্ভিদৰ সালোক সংশ্লেষণে বায়ুমণ্ডল অক্সিজেনেৰে ভৰাই তোলাৰ পিছতহে পৃথিৱীত প্ৰাণীৰ বিৱৰ্তন সম্ভৱ হৈছিল। অক্সিজেনৰ উপৰি উদ্ভিদে কাৰ্বন-ডাই-অক্সাইড শোষণ, আৰ্দ্ৰতা আৰু জলচক্ৰ নিয়ন্ত্ৰণ, মাটিৰ উৰ্বৰতা ৰক্ষা আৰু অলেখ প্ৰাণীক আশ্ৰয় দিয়াৰ দৰে পৰিস্থিতিতান্ত্ৰিক সেৱাও আগবঢ়ায়। এজন প্ৰাপ্তবয়স্ক মানুহক বছৰি প্ৰায় ৭৪০ কিলোগ্ৰাম অক্সিজেন লাগে, যিখিনি ১০-১২ মিটাৰ ওখ ৭-৮ জোপা গছে যোগান ধৰিব পাৰে; সেই হিচাপত ভাৰতৰ জনমূৰী গছৰ সংখ্যা মাত্ৰ ২৮ আৰু মুম্বাই-দিল্লীত ক্ৰমে ০.২৫ আৰু ০.৩ হোৱাটো উদ্বেগজনক, যদিও মধ্যপ্ৰদেশ, কেৰেলা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অৱস্থা এতিয়াও সন্তোষজনক।
আধুনিক মানুহৰ আৱিৰ্ভাৱৰ সময়ত থকা অৰণ্যৰ প্ৰায় ৫৪% হে আজি অক্ষুণ্ণ আছে আৰু বছৰি প্ৰায় ১৫ বিলিয়ন গছ কটা বা ধ্বংস হয়। এই হাৰত বননি ধ্বংস হৈ থাকিলে মানৱ সভ্যতাৰ অকাল মৃত্যু অনিবাৰ্য বুলি লেখাটোৱে সামৰণি মাৰিছে।

