লেখক: পলাশ জ্যোতি নাথ · অনুৰণন, সংখ্যা 1 (Vol 1, Issue 1, April – May 2019) · পৃষ্ঠা 5
অসংখ্য বিস্ময় আৰু অলেখ ৰহস্যৰ সমষ্টি, অন্তহীন পৰিধিৰ আকাশখনক লৈ লিখা এটি চুটি কবিতা — কেতিয়াবা নীলা, কেতিয়াবা মেঘাচ্ছন্ন, জোনাক নিশা হেজাৰ তৰাৰে জ্বলি থকা মায়াৱী আকাশ। আকাশৰ গোপনীয়তাৰ আগত বিজ্ঞানৰ জয়যাত্ৰাও থমকি ৰোৱা যেন লাগে বুলি কবিয়ে কৈছে।
আকাশৰ সিপাৰে হয়তো নতুন সভ্যতা আৰু নৱ জীৱনৰ সূত্ৰ লুকাই আছে, নতুবা সৃষ্টিৰ আন এক গোপন ৰহস্য বা বিস্ময়ৰ নতুন বীজ নীৰৱে অংকুৰিত হৈছে — এই সম্ভাৱনাৰে কবিতাটোৰ সামৰণি পৰিছে।

