লেখক: ভাৰ্গৱ বৰঠাকুৰ · অনুৰণন, সংখ্যা 12 (Vol 2, Issue 6, Nov – Dec 2021) · পৃষ্ঠা 13–19
পৃথিৱীৰ পৰা বহু আলোকবৰ্ষ দূৰত থকা বহিঃগ্ৰহ (Exoplanet) বিজ্ঞানীসকলে কেনেকৈ বিচাৰি উলিয়ায়, সেই বিষয়ে পাঁচটা প্ৰধান পদ্ধতিৰ কথা ইয়াত বুজোৱা হৈছে। ৰেডিয়েল ভেল'চিটি পদ্ধতিত গ্ৰহৰ মহাকৰ্ষণৰ ফলত তৰাটোৰ সামান্য গতিবিধি Doppler shift-ৰ জৰিয়তে ধৰা পেলোৱা হয়, আৰু ট্ৰানজিট ফটোমেট্ৰি পদ্ধতিত গ্ৰহে তৰাৰ সন্মুখেৰে পাৰ হোৱাৰ সময়ত পোহৰৰ সাল-সলনি Light Curve-ৰ সহায়ত পৰ্যবেক্ষণ কৰা হয়। ডাইৰেক্ট ইমেজিঙত coronography আৰু StarShade-ৰ দৰে প্ৰযুক্তিৰে তৰাৰ পোহৰ ঢাকি গ্ৰহৰ ফটো তোলা হয়, আনহাতে গ্ৰেভিটেশ্যনেল মাইক্ৰ'লেন্সিং আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰ স্থান-কালৰ বক্ৰতাৰ ওপৰত আধাৰিত।
আটাইতকৈ পুৰণি পদ্ধতি এষ্ট্ৰ'মেট্ৰিত ওচৰৰ তৰাৰ প্ৰসংগত তৰা এটাৰ অৱস্থানৰ পৰিৱৰ্তন জোখা হয়, যদিও বায়ুমণ্ডলৰ প্ৰভাৱৰ বাবে ইয়াৰ সফলতা কম। প্ৰতিটো পদ্ধতিৰে বৰ্তমানলৈকে কিমানটা বহিঃগ্ৰহ আৱিষ্কাৰ হৈছে (ক্ৰমে ৮২০, ৩২৫৩, ৫১, ৯৮ আৰু ১টা) সেই তথ্যও লেখাটোত দিয়া হৈছে।

