লেখক: নিশান্ত বৰদলৈ · অনুৰণন, সংখ্যা 12 (Vol 2, Issue 6, Nov – Dec 2021) · পৃষ্ঠা 40–43
বিষহীন কাৰ্শলা সাপক মানুহে কিয় বিষধৰ বুলি ভাবে, সেই কথা বুজাবলৈ যোৱাৰ আগতে লেখকে সাপৰ বিষয়ে কেইটামান সাধাৰণ তথ্য দিছে: বিশ্বত প্ৰায় ৩০০০, ভাৰতত ২৫০ আৰু অসমত প্ৰায় ১০০ প্ৰজাতিৰ সাপ পোৱা যায়, যাৰ বেছিভাগেই বিষহীন। অসমৰ প্ৰধান বিষাক্ত সাপ ফেঁটী, শংখচূড় আৰু ভাইপাৰ; ৰজাফেঁটীতকৈ চকৰিফেঁটীৰ বিষ বহুগুণে বেছি হ'লেও ৰজাফেঁটীয়ে বেছি বিহ ঢালি দিয়া বাবে ইয়াৰ দংশন বিপদজনক হ'ব পাৰে বুলি কোৱা হৈছে। ঘৰৰ চাৰিওফাল পৰিষ্কাৰ ৰখা, নিগনি-ভেকুলী নথকা, সাপ দেখিলে আতংকিত নোহোৱা, ফেনাইল নছটিওৱা, ওলাই যোৱাৰ বাট খুলি দিয়া, বনবিভাগৰ সহায় লোৱা আৰু সাপ মাৰিবলৈ চেষ্টা নকৰা — এইবোৰ ব্যৱহাৰিক পৰামৰ্শ লেখাটোত আছে।
সাপ মাৰিবলৈ যোৱাৰ সময়তেই বেছিভাগ দংশন হয় আৰু সাপ প্ৰতিশোধপৰায়ণ নহয়, ইহঁত মানুহৰ বন্ধু বুলি লেখকে কৈছে। শেষত প্ৰবচনটোৰ অৰ্থ বুজাই Painted Bronzeback (Dendrelaphis pictus) অৰ্থাৎ কাৰ্শলাৰ চিনাক্তকৰণ, খাদ্য, স্বভাৱ আৰু ইয়াৰ দংশন যে সম্পূৰ্ণ নিৰাপদ, সেই কথা কোৱা হৈছে।

