লেখক: বিপুল শইকীয়া · অনুৰণন, সংখ্যা 12 (Vol 2, Issue 6, Nov – Dec 2021) · পৃষ্ঠা 44–50
মানুহৰ আবেগ-অনুভূতিবোৰৰ পিছত থকা ৰাসায়নিক প্ৰক্ৰিয়াবোৰ ইয়াত বুজোৱা হৈছে। স্নায়ুসন্ধি (synapse)-ত নিউৰ'ট্ৰেন্সমিটাৰৰ জৰিয়তে সংকেত প্ৰেৰণ, মস্তিষ্কৰ সন্মুখ ভাগ আৰু এমিগডালাৰ ভূমিকা, আৰু বিপদৰ সময়ত পীড়া হৰম'ন আৰু এপিনেফ্ৰাইন নিঃসৰণৰ কথা প্ৰথমে কোৱা হৈছে। ইয়াৰ পিছত ইষ্ট্ৰ'জেন, প্ৰজেষ্টেৰণ, ডপামাইন, চেৰ'ট'নিন, এচিটাইলক'লাইন, অক্সিট'চিন, টেষ্ট'ষ্টেৰণ, নৰএপিনেফ্ৰাইন-এপিনেফ্ৰাইন, এণ্ডৰফিন আৰু GABA — প্ৰতিটো যৌগৰ ৰাসায়নিক সংকেত, উৎপত্তিস্থল, শৰীৰ আৰু মনৰ ওপৰত ইয়াৰ প্ৰভাৱ আৰু ইয়াৰ পৰিমাণ কম-বেছি হ'লে কি সমস্যা হয় সেয়া এটা এটাকৈ বৰ্ণনা কৰা হৈছে।
ব্যায়াম আৰু হাঁহিয়ে এণ্ডৰফিন, কাম সম্পূৰ্ণ কৰিলে ডপামাইন, আনক সহায় কৰিলে চেৰ'ট'নিন আৰু বন্ধু-পৰিয়ালক সাৱটি ধৰিলে অক্সিট'চিন নিঃসৰণ হয় বুলি সুখানুভূতিৰ চাৰিটা মুখ্য যৌগৰ কথা উল্লেখ আছে। শেষত অনুভূতিৰ ৰাসায়নিক ভিত্তি থকাৰ প্ৰমাণ হিচাপে ডপামাইন, চেৰ'ট'নিন আদি কৃত্ৰিমভাৱে প্ৰস্তুত কৰি ঔষধ হিচাপে ব্যৱহাৰ কৰাৰ কথা কোৱা হৈছে।

