লেখক: বৰ্ণালী বৰুৱা দাস · অনুৰণন, সংখ্যা 13 (Vol 3, Issue 1, Jan – Feb 2022) · পৃষ্ঠা 26–28
যুক্তিবাদী সমাজ গঢ়াৰ কথা কোৱা বহুতে সামাজিকভাৱে বিচ্ছিন্ন হোৱাৰ ভয়ত অন্ধবিশ্বাসমূলক ৰীতি-নীতি মানি চলে বুলি লেখকে লক্ষ্য কৰিছে আৰু যুক্তিবাদী কৰ্মীসকলে দৈনন্দিন জীৱনত অনুসৰণ কৰিব পৰা কেইটামান সহজ অনুশীলনৰ তালিকা আগবঢ়াইছে। প্ৰথম ভাগত লিখাত আৰু কথাত ব্যৱহাৰ হোৱা অন্ধবিশ্বাসযুক্ত শব্দ পৰিহাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছে — আত্মাৰ সদগতিৰ প্ৰাৰ্থনাৰ সলনি সমবেদনা জনোৱা, RIPৰ সলনি MRA (Memory Remain Alive) লিখা, Best of Luckৰ সলনি Best wishes কোৱা, 'হে ৰাম', 'Oh My God' আদি শব্দ এৰা আৰু প্ৰ-পত্ৰৰ ধৰ্মৰ কলমত Humanism বা Atheist লিখা।
দ্বিতীয় ভাগত জীৱন যাত্ৰাৰ ব্যৱহাৰিক অনুশীলন হিচাপে ধৰ্মীয় কামৰ বাবে বৰঙণি নিদিয়া, সন্তানৰ জন্মৰ সময়ত কোষ্ঠী আৰু ৰাশি অনুসৰি নামকৰণ আদি ৰীতি পৰিহাৰ কৰা, ৰচি-তাবিজ-মন্ত্ৰৰ সলনি বিজ্ঞানসন্মতভাৱে সন্তান লালন-পালন কৰা, ছোৱালীৰ তোলনি বিয়া আৰু ল'ৰাৰ লগুণ দিয়া বা চুন্নত বৰ্জন কৰা, মাহেকীয়াৰ সময়ত অস্পৃশ্যতা নৰখা, ধৰ্মীয় ৰীতিৰ সলনি কৰ্ট মেৰেজ বা প্ৰীতি সন্মিলন আৰু মৃত্যুৰ পিছত দেহদান তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কথা কোৱা হৈছে। এনে অনুশীলনৰ মূল চালিকা শক্তি চিন্তাৰ মুক্ততা আৰু মানুহৰ মাজৰ বৈষম্যৰ বিৰুদ্ধাচৰণ বুলি লেখকে মত প্ৰকাশ কৰিছে।

