লেখক: কৰবী বৰুৱা · অনুৰণন, সংখ্যা 5 (Vol 1, Issue 5, Dec 2019) · পৃষ্ঠা 42–43
পশ্চিম অষ্ট্ৰেলিয়াৰ গুলপীয়া ৰঙৰ হ্ৰদ ‘লেক হিলিয়াৰ’ (Pink Lake) আৰু ইয়াৰ ৰঙৰ বৈজ্ঞানিক ৰহস্যৰ বিষয়ে এই লেখাটোত লিখা হৈছে। পানীৰ ৰং নীলা বুলি বিদ্যালয়ৰ ভূগোলত শিকা ধাৰণাটো ভুল প্ৰমাণিত কৰা প্ৰায় ৬০০ মিটাৰ দীঘল এই হ্ৰদখনৰ গাঢ় গুলপীয়া পানী আৰু নীলা আকাশ-সাগৰৰ সংমিশ্ৰণে সৃষ্টি কৰা দৃশ্যৰ বৰ্ণনা প্ৰথমে দিয়া হৈছে। ৰঙৰ কাৰণ হিচাপে ডুনেলিয়েলা ছেলিনা (Dunaliella salina) নামৰ শেলাইয়ে উৎপন্ন কৰা কেৰ’টিনয়ড ৰঞ্জক পদাৰ্থক মুখ্য বুলি ধৰা হয়, যদিও মেটাজেন’মিক গৱেষণাৰ ভিত্তিত এচাম বিজ্ঞানীয়ে লৱণপ্ৰেমী (halophilic) বেক্টেৰিয়া — Salinibacter ruber, Dechloromonas aromatica আৰু আৰ্কিয়াৰ কিছু প্ৰজাতি — ইয়াৰ বাবে দায়ী বুলি মত পোষণ কৰে।
অত্যধিক লৱণ বাদ দি হ্ৰদৰ পানীত কোনো ক্ষতিকাৰক পদাৰ্থ নাই, সেয়ে ইয়াত সাঁতুৰিলেও অপকাৰ নহয় বুলি বিজ্ঞানীসকলে কৈছে। বিশ্বৰ পৰ্যটকৰ আকৰ্ষণ কেন্দ্ৰ হৈ পৰা এই হ্ৰদখন পৰিৱেশৰ অৱক্ষয়ৰ পৰা মুক্ত থাকক বুলি আশা প্ৰকাশ কৰি লেখাটোৰ শেষত অনিতা ডেকা বৰাৰ এফাঁকি কবিতা উদ্ধৃত কৰা হৈছে।

