লেখক: পলাশ জ্যোতি নাথ · অনুৰণন, সংখ্যা 5 (Vol 1, Issue 5, Dec 2019) · পৃষ্ঠা 11
শৈশৱত নিশাৰ আকাশৰ নক্ষত্ৰবোৰলৈ থৰ হৈ চাই থকা স্মৃতিৰে আৰম্ভ হোৱা এটি কবিতা। নক্ষত্ৰৰ মায়াজাল, মাকে কোৱাৰ দৰে পূৰ্বপুৰুষসকল নক্ষত্ৰ হৈ উজ্বলি থকাৰ ধাৰণা আৰু শৈশৱৰ পৰা যৌৱনলৈকে একেই থাকি যোৱা কৌতূহলৰ কথা ইয়াত কোৱা হৈছে।
এতিয়া পৰ্যবেক্ষণৰ পদ্ধতি বৈজ্ঞানিক আৰু আনুষ্ঠানিক হ’লেও কবি কেতিয়াবা শৈশৱৰ দৰেই নক্ষত্ৰৰ বিশাল পৃথিৱীত বিলীন হৈ যায়।

