লেখক: পংকজ জ্যোতি মহন্ত · অনুৰণন, সংখ্যা 5 (Vol 1, Issue 5, Dec 2019) · পৃষ্ঠা 14–16
২০১৯ চনত ৰয়েল ছ’চাইটিৰ সদস্য (FRS) হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা বিজ্ঞানী গগনদীপ কাঙৰ বিষয়ে এই লেখা। প্ৰথমে ৰয়েল ছ’চাইটিৰ ইতিহাস — ৰবাৰ্ট বয়ল, নিউটন, বিশ্বৰ প্ৰথম গৱেষণা-পত্ৰিকা — আৰু আৰ্দাচিৰ কুৰ্চেটজি (১৮৪১) তথা ৰামানুজন (১৯১৮)ৰ দৰে প্ৰথম ভাৰতীয় সদস্যসকলৰ কথা কোৱা হৈছে। কাঙে এমবিবিএছ আৰু এমডি ডিগ্ৰীৰ পাছত চিকিৎসা-গৱেষণাৰ পথ বাছি লয়, ৰ’টাভাইৰাছৰ ওপৰত ডক্টৰেট কৰি যুক্তৰাজ্যত পোষ্ট-ডক্টৰেট কৰে আৰু ভাৰতলৈ উভতি আহি ভাইৰাছটোৱে ভাৰতীয় শিশুক কেনেদৰে আক্ৰান্ত কৰে সেই বিষয়ে পুংখানুপুংখ অধ্যয়ন চলায়, যি প্ৰতিষেধক নিৰ্মাণত সহায় কৰিছে; তেওঁৰ কেইবাশ গৱেষণা-পত্ৰ প্ৰকাশ হৈছে।
FRS নিৰ্বাচিত হোৱাৰ পাছত এখন আলোচনা-সভাত তেওঁ সময়-শৃংখলা আৰু মহিলা বক্তাক সন্মান নকৰাৰ প্ৰসংগ উত্থাপন কৰিবলগীয়া হোৱা কথা, ভাৰতত মহিলাৰ সন্মুখত থকা সামাজিক-সাংস্কৃতিক বাধা আৰু যুক্তৰাজ্যৰ mentoring সংস্কৃতিৰ তুলনাত ভাৰতৰ ‘দয়া কৰা’ মনোবৃত্তিৰ কথাও লেখাটোত আছে। এটা সাক্ষাৎকাৰত তেওঁ আৰম্ভণিতে পাব বিচৰা উপদেশ বুলি কৈছিল — ‘না’ বুলি ক’বলৈ ভয় নকৰিবা।

