লেখক: শ্বাহিনশ্বাহ ইকবাল · অনুৰণন, সংখ্যা 7 (Vol 2, Issue 1, April – May 2020 (cover)) · পৃষ্ঠা 16–17
মহাকাশ গৱেষণাত খৰচ কৰা বিপুল ধন আৰু সময় পৃথিৱীৰ উন্নয়নত ব্যয় কৰিলে ভাল নহ'লহেঁতেন নে, এই সচৰাচৰ উঠা প্ৰশ্নটোৰ উত্তৰ বিচাৰি দশম শ্ৰেণীৰ এজন ছাত্ৰই লেখাটো লিখিছে। মানুহৰ কৌতূহল এক স্বাভাৱিক প্ৰৱণতা আৰু মহাকাশ বিজ্ঞানেই সূৰ্য আৰু গ্ৰহবোৰে পৃথিৱীক প্ৰদক্ষিণ কৰাৰ দৰে ভ্ৰান্ত বিশ্বাস আঁতৰাই সত্য উন্মোচন কৰিছে বুলি কোৱা হৈছে। গ্ৰহাণুৰ খুন্দা বা প্ৰাকৃতিক-মানৱসৃষ্ট দুৰ্যোগত পৃথিৱী বাসৰ অনুপযোগী হ'লে মানৱ জাতিক ৰক্ষা কৰিবলৈ অন্য গ্ৰহৰ সন্ধান কৰাটো মহাকাশ গৱেষণাৰ এক প্ৰধান উদ্দেশ্য বুলি ষ্টিফেন হকিঙৰ ভাষ্য উদ্ধৃত কৰা হৈছে।
কৃত্ৰিম উপগ্ৰহে জলবায়ু আৰু প্ৰাকৃতিক দুৰ্যোগৰ পূৰ্বাভাস দিয়া, আকাশপথৰ দিশ নিৰ্ণয়, ইণ্টাৰনেট যোগাযোগ, শূন্য মহাকৰ্ষণত শৰীৰৰ প্ৰতিক্ৰিয়া অধ্যয়নেৰে চিকিৎসা বিজ্ঞানৰ অগ্ৰগতি আৰু সৌৰশক্তিৰ প্ৰচলন– এই সকলো মহাকাশ গৱেষণাৰে অৱদান বুলি দেখুওৱা হৈছে। মঙ্গল গ্ৰহত বসতি স্থাপনৰ প্ৰচেষ্টাৰ উল্লেখেৰে মহাকাশ গৱেষণাই মানৱ জাতিক বিলুপ্তিৰ পৰা ৰক্ষা কৰিব বুলি সামৰণি মৰা হৈছে।

