লেখক: বীৰব্ৰত দাস চৌধুৰী · অনুৰণন, সংখ্যা 7 (Vol 2, Issue 1, April – May 2020 (cover)) · পৃষ্ঠা 26–27
মহামাৰীৰ সময়ত সকলোৰে মুখত থকা 'পজিটিভ' আৰু 'নিগেটিভ' শব্দ দুটাৰ পৰা আৰম্ভ কৰি লেখকে ৰসাল ভাষাত বীজগণিতৰ লগত নিজৰ ছাত্ৰাৱস্থাৰ সম্পৰ্কৰ কথা কৈছে, য'ত 'মাইনাছে মাইনাছে প্লাছ' বুলি মুখস্থ কৰা সূত্ৰবোৰ কিয় হয় সেয়া নাজানিলেও সমীকৰণে জীৱনৰ বহু সমস্যাৰ সমাধান দিয়ে বুলি স্বীকাৰ কৰা হৈছে। ইয়াৰ পিছত পঞ্চম-ষষ্ঠ শতিকাৰ গ্ৰীক গাণিতিক সাঁথৰৰ সংকলন এখনত পোৱা তৃতীয় শতিকাৰ গণিতজ্ঞ ডাইফান্টাছৰ আয়ুস সম্পৰ্কীয় বিখ্যাত সাঁথৰটো অসমীয়ালৈ অনুবাদ কৰি দিয়া হৈছে– জীৱনৰ ছয় ভাগৰ এভাগ শৈশৱ, বাৰ ভাগৰ এভাগ যৌৱন, সাত ভাগৰ এভাগৰ পিছত বিয়া, বিয়াৰ পাঁচ বছৰৰ পিছত পুত্ৰৰ জন্ম, দেউতাকৰ আধা বয়সত পুত্ৰৰ মৃত্যু আৰু তাৰ চাৰি বছৰৰ পিছত নিজৰ মৃত্যু।
ডাইফান্টাছে বীজগণিতত প্ৰথম প্ৰতীক ব্যৱহাৰ কৰিছিল, তেওঁৰ নামত 'ডাইফেন্টাইন ইকুৱেশ্যন' পৰিচিত আৰু তেওঁৰ শ্ৰেষ্ঠ গ্ৰন্থ 'এৰিথমেটিকা'ক ভিত্তি কৰি পৰৱৰ্তী গণিতজ্ঞসকলে সংখ্যাতত্ত্বৰ অধ্যয়ন কৰিছিল বুলি জনোৱা হৈছে। সাঁথৰটোৰ উত্তৰ নিদি লেখকে পাঠকক নিজে সমাধান কৰি ডাইফান্টাছৰ বয়স উলিয়াবলৈ আহ্বান জনাইছে।

