লেখক: বিপুল শইকীয়া · অনুৰণন, সংখ্যা 8 (Vol 1, Issue 8, June 2020) · পৃষ্ঠা 4–6
ক'ভিড-১৯ মহামাৰীৰ পটভূমিত, মানৱ সভ্যতাক দুটা শতিকা ধৰি সুৰক্ষা দি অহা তিনিটা ঐতিহাসিক বৈজ্ঞানিক অৱদানৰ বিষয়ে লেখাটোত আলোচনা কৰা হৈছে— ৰোগ-প্ৰতিৰোধ বিজ্ঞান (Immunology), সংক্ৰামক ৰোগৰ জীৱাণু তত্ত্ব (Germ theory) আৰু অপচনশীলতা (Asepsis)। ভাৰত আৰু চীনত প্ৰচলিত থকা পুৰণি পদ্ধতিৰ কথা উল্লেখ কৰি লেখকে কৈছে যে বৃটিছ চিকিৎসক এডৱাৰ্ড জেন্নাৰে ১৭৯৬ চনত কম মাৰাত্মক গো-বসন্তৰ বীজাণু এজন ল'ৰাৰ দেহত প্ৰয়োগ কৰি বৰ আইৰ বিৰুদ্ধে ছিটাকৰণ (vaccination) পদ্ধতিৰ প্ৰৱৰ্তন কৰে, যিটোৱে পিছলৈ পৃথিৱীৰ পৰা বৰ আই নিৰ্মূল কৰাটো সম্ভৱ কৰি তোলে। লুই পাস্তুৰৰ জীৱাণু তত্ত্বই পৰৱৰ্তী কালৰ স্বাস্থ্যকৰী পদ্ধতি, ছিটাকৰণ আৰু এণ্টিবায়'টিকৰ বিকাশৰ পথ মুকলি কৰে, আৰু পাস্তুৰাইজেচন পদ্ধতিৰ জনক তেওঁক অণুজীৱ বিজ্ঞানৰ জন্মদাতা হিচাপেও স্বীকৃতি দিয়া হয়।
ঊনৈশ শতিকাৰ চিকিৎসালয়ত অস্ত্ৰোপচাৰৰ পিছত পচন ঘটি ৰোগীৰ মৃত্যু হোৱা সমস্যাৰ সমাধান হিচাপে জোচেফ লিষ্টাৰে বীজাণুশূন্য সা-সঁজুলি ব্যৱহাৰৰ ধাৰণা প্ৰৱৰ্তন কৰে, যাৰ বাবে তেওঁক আধুনিক অস্ত্ৰোপচাৰৰ পিতৃ বুলি কোৱা হয়। ঊনৈশ শতিকাৰ এই তিনিটা যুগান্তকাৰী ধাৰণা বৰ্তমানৰ ক'ভিড-১৯ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো অত্যন্ত প্ৰাসংগিক বুলি লেখাটোৰ সামৰণি পৰিছে।

