লেখক: অংশুমান হাজৰিকা · অনুৰণন, সংখ্যা 1 (Vol 1, Issue 1, April – May 2019) · পৃষ্ঠা 9–11
ভাৰ্চুৱেল হৈ পৰা আজিৰ পৃথিৱীখনৰ ডিজিটেল সঁজুলিসমূহ এজন শিক্ষাৰ্থীয়ে নিজৰ উৎকৰ্ষ সাধনৰ বাবে কেনেদৰে ব্যৱহাৰ কৰিব পাৰে, সেই বিষয়ে লেখকে পৰামৰ্শ আগবঢ়াইছে। প্ৰায় সকলোৰে হাতত স্মাৰ্টফোন বা কম্পিউটাৰ থাকিলেও সেইবোৰ মূলতঃ ফেচবুক, ৱাটচএপ, চিনেমা আৰু গেমতে সীমাবদ্ধ হৈ থকাটো এক সমস্যা বুলি উল্লেখ কৰি প্ৰথমে স্ক্ৰীণত কটোৱা সময় জোখাৰ বাবে YourHour আৰু ManicTime Tracker আৰু আসক্তি কমাবলৈ AppBlock–Stay Focused এপৰ কথা কোৱা হৈছে। ইয়াৰ পিছত জ্ঞান আহৰণৰ বাবে Pinterest, Harvard আৰু MIT-ৰ দ্বাৰা ২০১২ চনত স্থাপিত বিনামূলীয়া অনলাইন পাঠ্যক্ৰমৰ মঞ্চ edX, Quora, Google Books আৰু Google Scholar-ৰ পৰিচয় দিয়া হৈছে।
Kiwix-ৰ সহায়ত সম্পূৰ্ণ Wikipedia (ছবিসহ ৬০ GB, ছবি অবিহনে ২৫ GB) অফলাইন ডাউনলোড কৰি ৰখাৰ কথা আৰু ডাঙৰ ফাইলৰ বাবে uTorrent বা qBittorrent ব্যৱহাৰৰ পৰামৰ্শ দিয়া হৈছে। লগতে ইংৰাজী–অসমীয়া অভিধান Axomi, দস্তাবেজ স্কেন কৰিবলৈ CamScanner আৰু গৱেষণাৰ তথ্যসূত্ৰ জমা ৰাখিবলৈ Mendeley এপৰ উল্লেখ আছে। কেৱল আমোদ-প্ৰমোদৰ বাবে নহয়, শৈক্ষিক জীৱনৰ উৎকৰ্ষৰ বাবে এই ডিজিটেল পৃথিৱীখনৰ সৎ ব্যৱহাৰ কৰিবলৈ লেখকে আহ্বান জনাইছে।

