লেখক: পঙ্কজ বৰুৱা · অনুৰণন, সংখ্যা 7 (Vol 2, Issue 1, April – May 2020 (cover)) · পৃষ্ঠা 38–42
মৃত্যুৰ পিছত মানুহৰ দেহৰ অংগ কিছু সময় জীৱিত থাকে আৰু সেইবোৰ দান কৰিলে এজন ব্যক্তিয়ে আঠজনলৈকে লোকৰ জীৱন ৰক্ষা কৰিব পাৰে– এই কথাক কেন্দ্ৰ কৰি লেখকে অংগদানৰ প্ৰক্ৰিয়া, আইন আৰু সমাজৰ কৰণীয়ৰ বিষয়ে লিখিছে। ধৰ্মীয় অন্ধবিশ্বাসে বাধা দিলে হাড় দান কৰা ঋষি দধীচিৰ কথা মনত পেলাবলৈ কোৱা হৈছে। জীৱিত অৱস্থাত কিডনী আৰু যকৃতৰ অংশ দান কৰিব পৰা, ঘৰত স্বাভাৱিক মৃত্যু হ'লে কেৱল চকু দান কৰিব পৰা আৰু চিকিৎসালয়ত ভেণ্টিলেটৰত থকা অৱস্থাত মগজুৰ মৃত্যু (brain death) হ'লেহে আন অংগ দান কৰিব পৰা, ক'মা আৰু মগজুৰ মৃত্যুৰ পাৰ্থক্য আৰু ১৮ বছৰৰ তলৰ দাতাৰ বাবে অভিভাৱকৰ সন্মতিৰ কথা ব্যাখ্যা কৰা হৈছে।
১৯৯৪ চনৰ অংগদান আইন অনুসৰি Transplant সুবিধা থকা চিকিৎসালয়তহে অংগদান কৰিব পাৰি আৰু ICU থকা চিকিৎসালয়কো অনুমতি দিয়া ২০১১ চনৰ সংশোধনী আজিও কাৰ্যকৰী নোহোৱাৰ সমালোচনা কৰি প্ৰতিখন জিলা চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়ত ICU আৰু Transplant সুবিধা স্থাপনৰ দাবী জনোৱা হৈছে। লিভাৰ ৬ ঘণ্টা, কিডনী ১২ ঘণ্টা আৰু চকু তিনি দিনৰ ভিতৰত সংস্থাপন কৰিবলগীয়া হোৱাৰ কথা, দাতাৰ ইচ্ছা পৰিয়ালক জনাই থোৱাৰ প্ৰয়োজন, দাতাৰ পৰিয়ালে কোনো খৰচ বহন কৰিব নলগা আৰু অংগ বেচা-কিনা দণ্ডনীয় অপৰাধ হোৱাৰ কথা উল্লেখ কৰি অংগদানক মানৱ জীৱনৰ শ্ৰেষ্ঠতম কৰ্ম বুলি কোৱা হৈছে।

